Assam Minorities Development Board Scheme : Apply for e-Rickahaw, Sewing Machine @amdb.assam.gov.in

Assam Minorities Development Board

অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ তৰফৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে নিম্ন উল্লেখিত সামগ্ৰী বিতৰণৰ বাবে অৰ্থ-সাহাৰ্য্যৰে অসমৰ স্হায়ী বাসিন্দাৰ অধিসূচীত ধৰ্মীয় সংখ্যালঘু (মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী) সম্প্ৰদায়ৰ বাবে UPSC Coaching ( পাঠ্যক্ৰমৰ মুঠ খৰচৰ ৮০% চৰকাৰী অনুদান আৰু ২০% হিতাধিকাৰীয়ে বহন কৰিব লাগিব) আৰু (i) e-Rickahaw মুঠ খৰচৰ ৮০% চৰকাৰী অনুদান আৰু ২০% হিতাধিকাৰীয়ে বহন কৰিব লাগিব আৰু (ii) Sewing Machine (iii) Fashion Design Mechine (iv) Automatic Paper Plate making Machine ইত্যাদি সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণৰ বাবে আবেদন বিচৰা হৈছে৷ আবেদনকাৰি সকলৰ বছেৰকীয়া আয় তিনি লাখ (৩.০০ লাখ) টকাতকৈ অধিক হ'ব নোৱাৰিব। আবেদনকাৰি সকলে অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আৰু আবেদনৰ লগতে যাৱতীয় নথি-পত্ৰ আপলোড কৰিব লাগিব । ইয়াৰ উপৰিও এই নথি-পত্ৰ সমূহৰ ফটোকপি মূল কপি বাছনি প্রক্ৰিয়াৰ সময়ত লৈ আহিব লাগিব৷ বাছনিকৃত আবেদনকাৰী সকলক অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ তৰফৰ পৰা জনোৱা হ’ব৷ ইচ্ছুক আবেদনকাৰি সকল তথা আত্ম সহায়ক গোট সমুহক অহা 24/01/2024 তাৰিখৰ ভিতৰত amdb.assam.gov.in (Assam Minorities Development Board) ৱেবচাইটত অনলাইন যোগে আবেদন দাখিল কৰিব লাগিব৷ অসম্পূৰ্ণ আবেদন প্ৰ-পত্ৰ গ্ৰহনযোগ্য নহ’ব। অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ বাছনি কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব৷
Application for the UPSC Course and 4 inputs/ items Distribution for the year 2023-24
Assam Minorities Development Board

Assam Minorities Development Board

How to Submit online Application for AMDB Schemes?

Interested and eligible candidates may visit official Website of Assam Minorities Development Board amdb.assam.gov.in or visit the direct link to submit Online Application.