ৰাজ্যৰ ১ লাখ নিযুক্তিৰ লক্ষ্যত আৰু এখোজ!

শীঘ্ৰেই আৰম্ভ হ’ব আন এক বৃহৎ নিযুক্তি। বিভিন্ন বিভাগৰ ৪২ হাজাৰ পদত আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়া। তৃতীয়, চতুৰ্থ বৰ্গৰ নিযুক্তি আয়োগৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। ইতিমধ্যেইে ৪২ হাজাৰ পদৰ নিযুক্তিৰ বাচনি প্ৰক্ৰিয়া সম্পন্ন হৈছে। আয়োগে অতি শীঘ্ৰেই ঘোষণা কৰিব ফলাফলসমূহ। ইয়াৰ পিছতেই পুনৰ ৰাজ্যত কৰ্মসংস্থাপন লাভ কৰিব ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে। পাঁচটা বিভাগকে ধৰি ছেবাৰ অধীনৰ নিযুক্তিৰ বাচনি প্ৰক্ৰিয়া সমাপ্ত হৈছে বুলি জানিব পৰা গৈছে।
শেহতীয়াকৈ সামাজিক মাধ্যমযোগে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত হয় এখন বৈঠক। এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে এই কথা।