Chief Minister Himanta Biswa Sarma on Assam Direct Recruitment Exam.

"আজি জনতা ভৱনত তৃতীয় আৰু চতুর্থ শ্রেণীৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ জ্যেষ্ঠ বিষয়ববীয়া সকলৰ‌ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰোঁ। বৈঠকত চতুৰ্থ শ্ৰেণীৰ খালী পদ পূৰণৰ বাবে পৰীক্ষাৰ তাৰিখ হিচাপে ২০২২ৰ ৭আগষ্ট আৰু চালক নিযুক্তিক বাদ দি তৃতীয় শ্রেণীৰ খালী পদৰ বাবে ২০২২ৰ ২১ আগষ্ট দিনটো ধাৰ্য্য কৰাৰ নিৰ্দেশনা প্ৰদান কৰোঁ। তৃতীয় শ্ৰেণীৰ শাখাৰ অন্তৰ্গত চালকৰ পদৰবাবে নিযুক্তি পৰীক্ষা পৃথকে অনুষ্ঠিত হ’ব যিটো আমি অতি সোনকালে ঘোষণা কৰিম।চৰকাৰৰ স্বচ্ছ নিযুক্তি প্রক্রিয়াৰ ওপৰত আস্থা প্ৰকাশ কৰি তৃতীয় শ্ৰেণীৰ খালী পদৰ বাবে মুঠ ৬,৭১,৮০৫ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰাৰ বিপৰীতে চতুর্থ শ্ৰেণীৰ খালী পদৰবাবে আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা ৪,৪৩,৬৫৫ গৰাকী। মইপ্ৰতিগৰাকী আবেদনকাৰীক আশ্বস্ত কৰিব বিচাৰোঁ যে চৰকাৰে সমগ্ৰ প্ৰক্ৰিয়াটো অতি স্বচ্ছ পদ্ধতিৰে সম্পন্নকৰাটো নিশ্চিত কৰিব। পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়াসকলো পৰীক্ষাৰ্থীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।"
 

Date of Grade-III Exam: 21th August 2022.

Date of Grade-IV Exam: 7th August 2022.